সুস্থিৰ জীৱন চিন্তাৰ বাবে দবাখেল



সুস্থিৰ জীৱন চিন্তাৰ বাবে দবাখেল



      
 সাম্প্ৰতিক সময়ত পুঁজিসবস্ব সামাজিক ব্যৱস্থাই গঢ় দিয়া অতি প্ৰতিযোগিতামূলক ভোগবাদী অসুস্থিৰ চিন্তাৰ পৰিৱেশত এক সুস্থিৰ প্ৰমূল্যবোধৰ সামাজিক ব্যৱস্থা গঢ় দিয়াটো খুবেই জৰুৰী হৈ পৰিছে। আৰু এনে পৰিৱেশ গঢ় দিয়া বাবে আমাৰ ভৱিষ্যত প্ৰজন্মক যুক্তিবাদী আৰু সংৰচনাত্মক চিন্তাৰে মানসিকভাৱে সৱল কৰি তোলাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে। এনে চিন্তাৰে বৰ্তমান সময়ৰ যান্ত্ৰিক বুদ্ধিমতাৰ প্ৰদূষণত বৌদ্ধিক বুদ্ধিমত্তাৰ সৱল উৎকৰ্ষ সাধনৰ বাবে ভৱিষ্যত প্ৰজন্মক সুপৰিকল্পিত চিন্তাৰে দবা(chess) খেলৰ অনুশীলনৰ ব্যৱস্থা কৰিব পাৰোঁ আৰু  আমি ব্যক্তিগত ভাৱে অনুভৱ কৰোঁ দবা(chess) খেলৰ অনুশীলনে ভৱিষ্যত প্ৰজন্মক যুক্তিবাদী আৰু সংৰচনাত্মক চিন্তা গঢ় দিয়াত বিশেষভাৱে সহায় কৰিব ।
       উপৰোক্ত উদ্দেশ্যৰে আজিৰ আমাৰ এই আলোচনাত দবাখেলৰ অনুশীলনৰ দ্বাৰা আমাৰ নৱ প্ৰজন্ম কি কি ধৰণে উপকৃত হব পাৰে সেই বিষয়ে তলত চমুকৈ কিছু আলোচনা কৰা প্ৰয়াস কৰিছোঁ।
       ক। প্ৰথমতেই দবাখেলৰ অনুশীলনৰ দ্বাৰা ব্যক্তিৰ ধৈৰ্য বঢ়াব পাৰি আৰু ইয়াৰ লগে লগে আত্ম বিশ্বাসও বাঢ়িব । এই বিষয়ে আমি তলৰ আলোচনাত কাৰণসমূহ স্পষ্টকৈ বিশ্লেষণ  কৰা চেষ্টা কৰিম।
       খ। দ্বিতীয়তে, দবাখেল এক পাৰস্পৰিক সহযোগিতাৰ খেল। এইখেলত ৰজা, মন্ত্ৰী, সাধাৰণ সৈন্য, হাতী, ঘোঁৰা, নাও থাকে ( খেলৰ নিয়মমতে ইহঁতক সুকীয়া নামেৰে জনা যায়)। এই সকলোৰে সমন্বয়ত খেলৰ বিভিন্ন কৌশল সৃষ্টি কৰা হয়, য'ত প্ৰতিবিধ অংগৰে এক নিজস্ব ভূমিকা থাকে। কেৱল এবিধ অংগৰে এই খেল খেলাই সম্ভৱ নহয় ।
       গতিকে আমি বিশ্বাস কৰোঁ এই খেলৰ অনুশীলনৰ দ্বাৰা আমাৰ নৱ প্ৰজন্মই জীৱন যুঁজক সুস্থিৰ গতিশীলতা প্ৰদান কৰিব বাবে প্ৰয়োজনীয় বিভিন্ন সম্বন্ধ সমূহৰ পাৰস্পৰিক সহযোগিতাৰ গুৰুত্বক অনুভৱ কৰিবলৈ সক্ষম হব।
       গ। তৃতীয়তে, দবাখেলৰ প্ৰতিবিধ অংগৰ (ৰাণীক বাদ দি) শক্তিৰ এক সীমাবদ্ধতা আছে, এইক্ষেত্ৰত তেওঁলোকৰ আচৰণও সুকীয়া।
       এই অনুশীলনৰ দ্বাৰা আমাৰ নৱ প্ৰজন্মই জীৱনত বিভিন্ন শক্তিৰ সীমাবদ্ধতাক অনুভৱক কৰা লগতে সেই সমূহক সন্মান কৰিবও শিকিব, নহলে পৰাজয় অৱধাৰিত সেই কথাও শিকিব পাৰিব।
       ওপৰত উল্লেখ কৰা ৰানী (queen )ক এক বহল সামগ্ৰিক দৃষ্টিৰে নাৰীৰ লগত তুলনা কৰিব পাৰোঁ। এটা পৰিয়াল এখন সমাজ বা এখন দেশৰ সৰ্বদিশৰ উন্নতিত নাৰী শক্তিৰ ভূমিকাই সৰ্বাধিক আৰু এইক্ষেত্ৰত নাৰীয়ে বিভিন্ন ৰূপত নিজৰ দায়িত্ব পালন কৰি আহিছে। নাৰী সৰ্বশক্তিমান বা নাৰীক সৰ্বশক্তিমান কৰি গঢ়ি নুতুলিলে সমাজৰ উন্নতি যে সম্ভৱ নহয় সেই কথা সময়ে সময়ে প্ৰমান হৈ আহিছে। আৰু এইক্ষেত্ৰত আমি দবাখেলৰ সৰ্বশক্তিমান ৰানী জনীক উদাহৰণ হিচাপে লব পাৰোঁ, যাৰ ভূমিকা খেলবিধত আটাইতকৈ শক্তিশালী।
       ঘ। চতুৰ্থতে, দবাখেলৰ মূল চালিকা শক্তি হ'ল নিজস্ব একক বহুমুখী চিন্তাশক্তি। এইখেল বিধত জয় পৰাজয় নিৰ্ভৰ কৰে বৰ্তমানৰ চালে (move) ভৱিষ্যতত পেলাব পৰা প্ৰভাৱৰ ওপৰত , আটাইতকৈ ডাঙৰ কথাটো হ'ল এই প্ৰভাৱ সমূহ চাল (move) দিয়া আগতে অনুভৱ কৰিবলৈ সক্ষম হব লাগিব আৰু লগতে কেৱল নিজৰ চালৰ প্ৰভাৱ অনুভৱ কৰিলেই নহব নিজৰ প্ৰতিটো চালৰ বিপৰীতে প্ৰতিপক্ষৰ চাল অনুভৱ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে এনে মানসিক পৰিৱেশৰ বাবে ধৈৰ্য, সূক্ষ্ম অধ্যয়ন আৰু একাগ্ৰতাৰ খুবেই প্ৰয়োজন।
       দবাখেলৰ এনে অনুশীলনৰ দ্বাৰা আমি আমাৰ নৱ প্ৰজন্মক আমাৰ বৰ্তমানৰ কৰ্মই ভৱিষ্যত জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে বা এক সুন্দৰ ভৱিষ্যত যে এক অধ্যয়নশীল বৰ্তমানৰ ওপৰত নিৰ্ভৰশীল তাৰ জ্ঞান দিব পাৰোঁ। আৰু আমি বিশ্বাস কৰোঁ দবাখেলৰ অনুশীলনৰ দ্বাৰা ধৈৰ্য, সূক্ষ্ম অধ্যয়ন আৰু একাগ্ৰতাৰে সমৃদ্ধ এক সৱল মন গঢ়ি তোলাটো সম্ভৱ।
       ঙ। পঞ্চমতে, দবাখেলৰ অন্য এক মূল ৰনকৌশল হ'ল ত্যাগ (sacrifice) আৰু জয়ৰ বাবে এই কৌশলৰ খুবেই প্ৰয়োজন। সাধাৰণতে এই ৰনকৌশলত নিজৰ কোনো অংগক প্ৰতিপক্ষক খাবলৈ দিয়া হয় বা ত্যাগ কৰা হয়, যিটোৱে ভৱিষ্যতে জয়ত বিশেষ সহায় কৰে। ইয়াৰ বাবে কিন্তু সূক্ষ্ম অধ্যয়নৰ খুবেই প্ৰয়োজন।
       দবাখেলৰ এনে চিন্তা দ্বাৰা আমি আমাৰ নৱ প্ৰজন্মক জীৱনত ত্যাগৰ মহত্বৰ বিষয়ে সুন্দৰ জ্ঞান দিব পাৰোঁ। এক সুন্দৰ গতিশীল জীৱনৰ বাবে সময়ত চিন্তাশীল ত্যাগৰ যে খুবেই প্ৰয়োজন সেই কথা সুন্দৰকৈ বুজাব পাৰোঁ।
       আলোচনাৰ শেষত এটা কথাই কব বিচাৰোঁ, দবাখেলৰ সুস্থিৰ অনুশীলনে আমাৰ মনত সৃষ্টি কৰিব পৰা আটাইতকৈ ডাঙৰ গুনটো হ'ল পৰম আত্মবিশ্বাস আৰু এই আত্মবিশ্বাসে আমাক যুক্তিবাদী আৰু দূৰদৰ্শী চিন্তাৰে জীৱনৰ গতিপথক সুস্থিৰ কৰাত সহায় কৰিব।
        আমি বিশ্বাস কৰোঁ ওপৰৰ আলোচনাত সাম্প্ৰতিক সময়ৰ উগ্ৰ ধৰ্মীয় চিন্তা তথা বৌদ্ধিক প্ৰদূষিত পৰিৱেশৰ বিপৰীতে এক সংৰচনাত্মক চিন্তাৰ পৰিৱেশ গঢ় দিয়াত দবাখেলৰ গুৰুত্ব বিষয়ে এক সম্যক ধাৰণা প্ৰতিষ্ঠা কৰাত আমি কিছু পৰিমাণে সফল হৈছোঁ আৰু এনে চিন্তা প্ৰাপ্তিৰে আজি আমাৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ।

(এই লেখাটো অসমত দবাখেলৰ বাটকটীয়া, প্ৰাক্তন সদৌ অসম দবা সংস্থাৰ সম্পাদক, ৰাষ্ট্ৰীয় এবিটাৰ পৰম শ্ৰদ্ধাৰ স্বৰ্গীয় দীপক ঘাটোৱাৰ দেৱলৈ উৎসগা কৰিলোঁ)
**************************************************



Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন