শিলগুটি, ছ'ৰি বিপৰীতে সাম্প্ৰতিক সময়ৰ কিছু যোগাত্মক চিন্তা
যোৱা ১০ অক্টোবৰ ২০১৭ তাৰিখে অসমৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়া মাজত অনুষ্ঠিত হৈ যোৱা আন্ত:ৰাষ্ট্ৰীয় “টি-২০” খেলৰ পিছত অষ্ট্ৰেলিয়ান দলৰ বাছলৈ কোনো দুবৃত্তই শিলগুটি নিক্ষেপ কৰা কাৰ্যই সাম্প্ৰতিক সময়ৰ অসমত এক বিশেষ চৰ্চা লাভ কৰিছে, গোটেই অসমতেই এক “ছ’ৰিছ’ৰি” পৰিৱেশে বৰ্তমান সময়ত বিৰাজ কৰা যেন আমাৰ ভাৱ হৈছে।আমি ব্যক্তিগত ভাৱে বৰ্তমান সময়ৰ উগ্ৰজাতীয় চিন্তাৰে প্ৰদূষিত বাতাবৰণত এনেধৰণৰ মানসিক ভাৰসম্যহীন ঘটনা ঘটাটো স্বাভাৱিক বুলিহে জ্ঞান কৰোঁ আৰু লগতে আমি বিশ্বাস কৰোঁযে এনেধৰণৰ বিষয়বোৰৰ বহুল আলোচনাই মূল বিষয়ৰ ওপৰত অৰ্থাৎ খেলৰ ইতিবাচক দিশৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱা সম্ভাৱণাই অধিক। গতিকে আজিৰ আলোচনাত এই বিষয়ে বিশেষ আলোচনা নকৰাটোৱে উচিত বুলি অনুভৱ কৰি, বৰ্তমান সময়ৰ অন্য কিছুযোগাত্মক দিশহে তলৰ আলোচনাত উপস্থাপন কৰা প্ৰয়াস কৰিছোঁ। ২০১৭ চনৰ আন্ত:ৰাষ্ট্ৰীয় ফুটবলৰ সৰ্বোচ্চ সংস্থা "ফিফা (FIFA) "ৰ ১৭ বছৰ অনুৰ্ধ ফুটবলৰ বিশ্বকাপ প্ৰতিযোগিতাখন ভাৰতত অনুষ্ঠিত হোৱা বাবে আমি ব্যক্তিগতভাৱে এজন ভাৰতীয় হিচাপে বৰ্তমান সময়ত গৌৰৱ অনুভৱ কৰিছোঁ লগতে এই প্ৰতিযোগিতাৰ এক বিশেষস্থলী হিচা...