সুস্থিৰ জীৱন চিন্তাৰ বাবে দবাখেল

সুস্থিৰ জীৱন চিন্তাৰ বাবে দবাখেল সাম্প্ৰতিক সময়ত পুঁজিসবস্ব সামাজিক ব্যৱস্থাই গঢ় দিয়া অতি প্ৰতিযোগিতামূলক ভোগবাদী অসুস্থিৰ চিন্তাৰ পৰিৱেশত এক সুস্থিৰ প্ৰমূল্যবোধৰ সামাজিক ব্যৱস্থা গঢ় দিয়াটো খুবেই জৰুৰী হৈ পৰিছে। আৰু এনে পৰিৱেশ গঢ় দিয়া বাবে আমাৰ ভৱিষ্যত প্ৰজন্মক যুক্তিবাদী আৰু সংৰচনাত্মক চিন্তাৰে মানসিকভাৱে সৱল কৰি তোলাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে। এনে চিন্তাৰে বৰ্তমান সময়ৰ যান্ত্ৰিক বুদ্ধিমতাৰ প্ৰদূষণত বৌদ্ধিক বুদ্ধিমত্তাৰ সৱল উৎকৰ্ষ সাধনৰ বাবে ভৱিষ্যত প্ৰজন্মক সুপৰিকল্পিত চিন্তাৰে দবা(chess) খেলৰ অনুশীলনৰ ব্যৱস্থা কৰিব পাৰোঁ আৰু আমি ব্যক্তিগত ভাৱে অনুভৱ কৰোঁ দবা(chess) খেলৰ অনুশীলনে ভৱিষ্যত প্ৰজন্মক যুক্তিবাদী আৰু সংৰচনাত্মক চিন্তা গঢ় দিয়াত বিশেষভাৱে সহায় কৰিব । উপৰোক্ত উদ্দেশ্যৰে আজিৰ আমাৰ এই আলোচনাত দবাখেলৰ অনুশীলনৰ দ্বাৰা আমাৰ নৱ প্ৰজন্ম কি কি ধৰণে উপকৃত হব পাৰে সেই বিষয়ে তলত চমুকৈ কিছু আলোচনা কৰা প্ৰয়াস কৰিছোঁ। ক। প্ৰ...