“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”
“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ” ড ° বিজয় কৃষ্ণ চেতিয়া শিৱসাগৰ,অসম। “সোনোৱালী পথাৰবোৰেই সোনৰ অসমৰ সপোন আছিল” সাম্প্ৰতিক সময়ত বিশ্বয়ানৰ (globalisation ) দ্বাৰা সৃষ্ট মুক্ত অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰভাৱত বিশ্বৰ উন্নয়নশীল দেশসমূহৰ অৰ্থনৈতিক ব্যৱস্থাই নতুনত্ব লাভ কৰিবলৈ সক্ষম হৈছে বুলি আমি বিশ্বাস কৰোঁ । এই নতুনত্বই যেনেদৰে এপিনে উন্নয়নৰ শ্লোগান আওৰাইছে ঠিক তেনেদৰে আনহাতে সমাজ পৰিৱৰ্তনৰো (ৰূপান্তৰ?) দাবী কৰিছে, যিটো আমাৰ দৃষ্টিত সমাজ বিজ্ঞানীসকলে সহজভাৱে গ্ৰহন কৰিব পৰা নাই। কাৰণ সমাজ বিবৰ্ত্তনৰ ঐতিহাসিক ধাৰা পৰা সমাজবিজ্ঞানী সকলে সহজে এটা কথা উপলব্ধি কৰিব পাৰে যে অৰ্থনৈতিক উন্নয়ন আৰু সমাজ উত্তৰণ প্ৰক্ৰিয়াৰ মাজৰ ভাৰসাম্যতাক সুস্থিৰভাৱে আগুৱাই নিব নোৱাৰিলে, কেৱল মাত্ৰ অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা দাবী কৰা সমাজ পৰিৱৰ্তন প্ৰক্ৰিয়াক সময়ে কেতিয়াও স্বীকৃতি নিদিয়ে। সেয়েহে আমাৰ বিবেচনাত এনে জটিল পৰিৱেশত অৰ্থনৈতিক উন্নয়ন আৰু সমাজ উত্তৰণ, এই দুই চিন্তাক সুস্থিৰ সমান্তৰাল গতি প্ৰদানৰ স্বাৰ্থত সমাজৰ শ...