সংকট সাহিত্যত নে আমাৰ চিন্তাত
যোৱা কিছুদিন ধৰি অসমত ২০১৬ চনৰ সাহিত্য অকাদেমীৰ অসমীয়া যুৱ সাহিত্য বঁটাটোক লৈ সাংঘাটিক বিৰ্তক সূচনা হৈছে আৰু এই বিৰ্তকই পোন প্ৰথমে ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছিল আৰু শেহতীয়াকৈ প্ৰিণ্ট মিডিয়া আৰু ইলেকট্ৰ্নিক মিডিয়াতও উপৰোক্ত বিষয়টোৱে প্ৰয়োজনীয় চৰ্চা লাভ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। সাহিত্য অকাদেমীৰ অসমীয়া যুৱ সাহিত্য বঁটাটোকলৈ বৰ্তমান লৈকে যেনেধৰণৰ বিৰ্তক হৈ আছে তাত আমি তিনিটা ধাৰা লোক দেখা পাইছো, প্ৰথম যিসকলে সাহিত্য অকাদেমীৰ অসমীয়া যুৱ সাহিত্য বঁটা -২০১৬ ৰ বাচনি প্ৰক্ৰিয়াত (system) অনিয়ম হৈছে বুলি দাবী কৰিছে, দ্বিতীয়তে আন কিছুৱে সেই দাবীক নৎসাত কৰি অৰ্থাৎ অনিয়ম নাই বুলি দাবী কৰিছে আৰু তৃতীয় এটা চামে দুয়োপক্ষৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰি “ হবও পাৰে নতুবা হৈছে জানো” ধৰণৰ চিন্তাই নিজকে উপস্থাপন কৰিছে। প্ৰথম আৰু দ্বিতীয় ধাৰাটোক লৈ আমি সিমান চিন্তিত নহয় কাৰণ দুয়োপক্ষই নিজস্ব যুক্তি দাঙি ধৰিব প্ৰয়াস কৰিছে , কিন্তু আমি চিন্তিত এই তৃতীয় চামটোকলৈ যি নিজস্ব কোনো যুক্তি বিশ্লেষণ নোহোৱাকৈ এই বিৰ্তকৰ আলমলৈ অসমত এক বৌদ্ধিক সন্ত্ৰাসৰ পৰিৱেশ সূচনা কৰাৰ প্ৰয়াস কৰিছে। আৰু সেয়েহে ছাগে ...