অসম লোক সেৱা আয়োগ : পৰ্য্যালোচনা, সংশোধন আৰু পুনৰ গঠনৰ চিন্তা (নিয়মীয়া বাৰ্তা, ১৪/১২/২০১৭)
অসম লোক সেৱা আয়োগ : পৰ্য্যালোচনা, সংশোধন আৰু পুনৰ গঠনৰ চিন্তা অসম লোক সেৱা আয়োগত সংঘটিত ব্যাপক দুৰ্নীতিয়ে পুনৰ বাৰ সাম্প্ৰতিক সময়ৰ অসমত বিশেষ চৰ্চা লাভ কৰিছে। শেহতীয়াকৈ প্ৰথমটো তদন্তত ধনৰ বিনিময়ত বিভিন্ন অসৎ উপায়েৰে লোক সেৱা আয়োগৰ বিভিন্ন বিভাগত ৰাজবিষয়াৰ চাকৰি ক্ৰয় কৰা ২৫ জনকৈ দোষী চৰকাৰী ৰাজপত্ৰিত বিষয়াক তদন্তকাৰী অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰথম দৃষ্টিত এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে ; তদন্তৰ পৰা দোষী গ্ৰেপ্তাৰ কৰালৈকে , অসমৰ ৰাজনৈতিক, সামাজিক আৰু শৈক্ষিক স্বচ্ছতাৰ দিশত এক যোগাত্মক প্ৰভাৱ পেলোৱাটো স্বাভাৱিক, কিন্তু সাম্প্ৰতিক সময়ত এই সমূহ ঘটনাক্ৰমৰ লগত জড়িত হৈ পৰা কিছু আৱেগসৰ্বস্ব চিন্তাই আমাৰ মনলৈ দুই ধৰণৰ শংকা কঢ়িয়াই আনিছে ১। অযোগ্য প্ৰাৰ্থীক অসৎ উপায়েৰে চাকৰি দিয়া বিষয়টোতকৈ কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যোগ্য প্ৰাৰ্থীক অসৎ উপায়েৰে প্ৰশাসনিক সেৱা পৰা বঞ্চিত কৰাটো। বতৰ্মান সময়ত এনেবোৰ চিন্তাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো সংশোধনৰ খুবেই প্ৰয়োজন আৰু ইয়াৰ বাবে প্ৰয়োজন সময়ভিত্তিক বৈজ্ঞানিক চৰ্চাৰ। কিন্তু বতৰ্মান সময়ত আমাৰ আৱেগিক চিন্তাই প্...